Here you will find some valuable Assamese write-ups



অসমীয়া স্বৰবৰ্ণ আৰু ব্যঞ্জনবর্ণ কেইটা?

অসমীয়া বৰ্ণ বা আখৰ দুভাগ। “স্বৰবর্ণ” আৰু ‍”ব্যঞ্জনবর্ণ”। আমাৰ মতে, স্বৰবর্ণ এঘাৰটা আৰু ব্যঞ্জনবর্ণ ৩৭টা (ৎ-টোক ত-ৰ এটা ৰূপ আৰু ং-টোক ঙ-ৰ এটা ৰূপ বুলি ধৰা হৈছে। বিসর্গ (ঃ) আৰু চন্দ্ৰবিন্দুক (ঁ) চিহ্ন-বিশেষ বুলি ধৰা হৈছে।) তাৎপর্য্যপূর্ণ কথা হ’ল এই যে অসমীয়া ভাষাত ব্যঞ্জনবর্ণৰ সংখ্যা কিমান তাক লৈ ডাঙৰ ডাঙৰ ভাষা-পণ্ডিতৰে বেলেগ বেলেগ মত আছে। আভিধানিক হেমচন্দ্ৰ বৰুৱাৰ মতে এই সংখ্যা ৩৪টা, ব্যাকৰণবিদ সত্যনাথ বৰাৰ মতেও ৩৪টা। দুয়োজনে ড়, ঢ়, য়, ৎ -এইকেইটাক সুকীয়া আখৰ নহয় বুলি কৈছে (ব্যাখ্যা নাই দিয়া)। বিশ্ববিদ্যালয়ৰ অসমীয়া বিষয়ৰ পাঠ্যক্ৰমত ৪০টা বুলি উল্লেখ পোৱা যায়।
অসমীয়া ভাষাৰ বর্ণবোৰৰ পৰিচয় সম্পর্কে দীর্ঘদিন সজাগতাৰ সৃষ্টিৰ কামত লাগি থকা ভাষাবিদ শ্ৰীযুত প্ৰমোদচন্দ্ৰ ভট্টাচার্য্যই তেখেতৰ ‍"বর্ণমালা শিক্ষণ পদ্ধতি" নামৰ পুথিখনত ব্যঞ্জনবর্ণৰ সংখ্যা ৩৯টা বুলি উল্লেখ কৰিছে। এই খেলিমেলি কেৱল আশ্চর্য্যকৰেই নহয়, আমোদজনকো। আমাৰমতে ৎ আৰু ং এই দুটা ক্ৰমে ত আৰু ঙ-ৰ খণ্ডিত তথা হসন্তীয় ৰূপ। সেয়েহে যেতিয়াই ইহঁত স্বৰযুক্ত হয়, তেতিয়াই ক্ৰমে ত আৰু ঙ-লৈ পৰিৱর্তন হয়। যেনে : সৎ- সততা, খং-খঙাল। আনহাতে বিসর্গ (ঃ) আৰু চন্দ্ৰবিন্দুৱে (ঁ) আন বর্ণৰ সৈতে যুক্ত হৈহে অৱস্থান কৰে, চিহ্নবোৰে যেনেদৰে কৰে। সেয়ে ইহঁত দুটাক বর্ণৰ শাৰীত ৰাখিব নোৱাৰি। বহুতে ক্ষ-টোক সংস্কৃত আৰু বাংলা ভাষাৰ অনুকৰণত সুকীয়া বর্ণ জ্ঞান নকৰি যুক্তাক্ষৰ বুলিহে ক’ব খোজে। কিন্তু অসমীয়া ভাষাত ই এটা সুকীয়া বর্ণ হিচাপে গণ্য হৈ আহিছে। সংস্কৃত আৰু বাংলা ভাষাত ইয়াক যুক্তাক্ষৰ হিচাপে গণ্য কৰা হৈছে বাবেই বর্ণমালাত অন্তর্ভুক্ত কৰা হোৱা নাই। কিন্তু অসমীয়া ভাষাৰ বর্ণমালাত ইয়াৰ নিগাজি স্থান অতীজৰে পৰা আছে। গতিকে গুটীয়া বর্ণ বুলি ধৰাত আপত্তি থাকিব নোৱাৰে।
আন এটা লক্ষণীয় কথা হ‍’ল অসমীয়া ভাষাৰ এই আখৰ (বর্ণ)বোৰক গোটেই অসমত একে ধৰণে মতা বা পঢ়া নহয়, যিটো অসুবিধা আৰু বেমেজালিৰ দৰে কথা। উদাহৰণস্বৰূপে ট-টোক কিছুমানে মধনীয়া, মূর্ধনীয়া, মূধনীয়, মূর্ধন্য আদি কেইবাটাও নামেৰে মাতে। ঝ-টোক কিছুমানে ‘jha’ বুলি, কিছুমানে ‘দ্বিতীয় জ’ বুলি, কিছুমানে ‍‘উৱা-ব জ’ বুলি মতা দেখা যায়। সেইদৰে আনবোৰ আখৰো কেইবাটাও কেইবাটাও নামেৰে ঠাই-বিশেষে, বিদ্যালয়-বিশেষে চলি থকা দেখা যায়। ইংৰাজী ভাষাৰ তুলনাত তেনেই তাকৰীয়া মানুহৰ মাজত চলি থকা সত্ত্বেও এই ক্ষেত্ৰত একৰূপতা আনিব নোৱৰাটো পৰিতাপৰ কথা। আচলতে বিদ্যালয় পর্য্যায়তে এই বিভ্ৰান্তিৰ মুখামুখি হোৱা যায়, যিটোৰ ছাপ পৰৱর্তী গোটেই জীৱনলৈ ৰৈ যায়। একপ্ৰকাৰে চাবলৈ গ’লে এই দীর্ঘদিনীয়া বিভ্ৰান্তি দূৰ কৰিবলৈ সৰু উদ্যোগ এটাই যথেষ্ট। প্ৰথমে : বর্ণ পৰিচয় হোৱা পর্য্যায়তে যিবোৰ পুথি ল’ৰা-ছোৱালীক পঢ়িবলৈ দিয়া হয়, সেই চৰকাৰী পুথিত বর্ণবোৰ কেনেকৈ মতা হয় বা মাতিবলৈ শিকিব/শিকাব লাগে তাৰ স্পষ্ট নির্দেশনা দি থ’লেই হয়। দ্বিতীয়তে : শিক্ষক প্ৰশিক্ষণৰ সময়ত শিক্ষকসকলক এই বিষয়ত স্পষ্ট জ্ঞান দিলেও সমস্যাটোৰ সমাধান হয়। কিন্তু তাকে নকৰাৰ ফলত যুগ যুগ ধৰি বেমেজালি বর্তি ৰৈছে। একে ভাষা-ভাষী হোৱা সত্ত্বেও এটা যুগৰ মানুহৰ লগত আন এটা যুগৰ মানুহৰ বা এখন ঠাইৰ মানুহৰ লগত আন এখন ঠাইৰ মানুহৰ বর্ণ-পৰিচয় সম্পর্কীয় ধাৰণাৰ কোনো মিল নাই।


অসমীয়া আখৰবোৰ কেনেকৈ মাতিব?

স্বৰবর্ণ


অ (‍‘চৰে অ’ বা ‍‘স্বৰে অ’ বুলি নামাতি কেৱল ‍‘অ’ বুলি মাতিব লাগে।)
আ (‍‘চৰে আ’ বা ‍‘স্বৰে আ’ বুলি নামাতি কেৱল ‍‘আ’ বুলি মাতিব লাগে।)
ই (হ্ৰস্ব ই), ঈ (দীর্ঘ ঈ)
উ (হ্ৰস্ব উ), ঊ (দীর্ঘ ঊ), ঋ (ৰি)
এ (আগে-পিছে কোনো বিশেষণ বা নাম লগোৱাৰ প্ৰয়োজন নাই।) ঐ (অ’ই)
ও (অ’) (ইয়াৰ উচ্চাৰণ ইংৰাজী O আখৰটোৰ দৰে)
ঔ (অ’উ)

ব্যঞ্জনবর্ণ


ক, খ, গ, ঘ (এইকেইটা আখৰ আগত কোনো নাম বা বিশেষণ দি মতা নহয়।),
ঙ (এই আখৰটো nga-ৰ দৰে মাতিব লাগে। আগত ‍‘উ’ এটা থকাৰ দৰে, অর্থাৎ ‍‘উঙ’-ৰ দৰে মাতিব নালাগে)
চ (প্ৰথম চ), ছ (দ্বিতীয় ছ), জ (বর্গীয় জ),
ঝ (আগত কোনো নাম বা বিশেষণ নালাগে। ‘jha’ বুলি মাতিব লাগে।)
ঞ (কোনো নাম বা বিশেষণ নালাগে। ‘nya’ বা ‍‘নিঅ’ বুলি মাতিব লাগে)
ট (মূর্ধন্য ট), ঠ (মূর্ধন্য ঠ), ড (মূর্ধন্য ড), ঢ (মূর্ধন্য ঢ), ণ (মূর্ধন্য ণ)
ত (দন্ত্য ত), থ (‍দন্ত্য থ), দ (‍দন্ত্য দ), ধ (দন্ত্য ধ), ন (দন্ত্য ন)
প, ফ, ব, ভ, ম (এইকেইটাৰ আগত কোনো নাম বা বিশেষণ দি মতা নহয়)
য (অন্তঃস্থ য) (‍‘অন্তঃস্থ’ মানে মাজত থকা- স্পর্শ-বর্ণ আৰু উষ্ম-বর্ণৰ মাজত থকা)
ৰ, ল (এই দুটাৰ আগতো কোনো নাম বা বিশেষণ যোগ দিয়া নহয়)
ৱ (উঅ-ব)
শ (তালব্য শ), ষ (মূর্ধন্য ষ), স (দন্ত্য স) হ (কোনো নাম বা বিশেষণ নালাগে)
ক্ষ (খ্য), ড় (ড-ই বিন্দু ৰ), ঢ় (ঢ-ই বিন্দু ৰ)
য় (ইঅ)
ৎ (খণ্ড-ত), ং(অনুস্বাৰ), ঃ(বিসর্গ), ঁ (চন্দ্ৰবিন্দু)


অসমীয়া ব্যাকৰণ

চমুকৈ কেইটামান কথা


ব্যাকৰণ বুলি ক’লে ভাষা এটাৰ সমস্ত গাঠনিক ৰূপৰ আলোচনাক বুজায় যদিও ইয়াত তেনে সম্যক আলোচনা কৰা হোৱা নাই। শব্দৰ বানান গঠনৰ আঁৰত যিবোৰ নিয়মে প্ৰধানভাৱে কাম কৰি থাকে, সেইবোৰহে এই শিতানটোত দিবলৈ চেষ্টা কৰা হৈছে। এই শিতানটো সংযোজনৰ অন্যতম লক্ষ্যই হৈছে এই যে বানানৰ আঁৰৰ নিয়মবোৰ জানিলে বানানটো সহজে মনত ৰৈ যায় আৰু সেইজাতীয় আনবোৰ শব্দৰ মুখামুখি নতুনকৈ হ’লেও শুদ্ধ বানানটো কি হ’ব অনুমান কৰাত ভুল নহয়। লগতে কিছুমান শব্দৰ বানান কোনটো শুদ্ধ, কোনটো ভুল, বা কিয় শুদ্ধ, কিয় ভুল আদি কথাহে আলোচনা কৰা হৈছে। বিশেষকৈ সন্ধি, সমাস, ণত্ববিধি, ষত্ববিধি আদিৰ বিস্তাৰিত ব্যাখ্যা দিয়া হৈছে।

সন্ধি


আগৰ শব্দৰ শেষ বর্ণটো পিছৰ শব্দৰ আদি বর্ণৰ সৈতে জোৰা লাগি শব্দ দুটা এটা হ’লে তাকে সন্ধি বোলা হয়। যেনে : মেঘ + আচ্ছন্ন = মেঘাচ্ছন্ন, কটু + উক্তি = কটূক্তি, বিপদ + জনক = বিপজ্জনক আদি। সংস্কৃত ভাষাত সন্ধি এটা গুৰুত্বপূর্ণ বিষয়। সংস্কৃতত ওচৰা-উচৰিকৈ থকা দুটা বর্ণৰ মাজত য’তেই সম্ভৱ, ত’তেই সন্ধি হোৱা দেখা যায়। কিন্তু অসমীয়া ভাষাত সন্ধি অপৰিহার্য্য নহয়। অসমীয়াত প্ৰধানকৈ তৎসম (অবিকল মূলৰ দৰে বানানৰ সংস্কৃত শব্দ) শব্দবোৰৰ ক্ষেত্ৰতে দেখা যায়। অৱশ্যে কোনো কোনো ক্ষেত্ৰত ই সংস্কৃত-ভিন্ন শব্দতো একে আর্হি লয়। তথাপি ই সম্পূর্ণৰূপে লিখোঁতাৰ ইচ্ছাধীন। অর্থাৎ মধুৰি আম লিখিব নে মধুৰিয়াম লিখিব সেয়া লিখোঁতাৰ বিবেচনাৰ কথা। হ’লেও ‘মধুৰিয়াম’ৰ ঠাইত ‘মধুৰি আম’, ‘পোষ্টাফিচ’ৰ ঠাইত ‘পোষ্ট অফিচ’ অধিক গ্ৰহণযোগ্য বুলিয়ে ধৰা হৈ আহিছে। আনহাতে কিছুমান সংস্কৃত শব্দ অসমীয়া ভাষাত দেখাত অবিকৃত ৰূপত ব্যৱহৃত হৈ আছে যদিও সিহঁতৰ ধ্বনিগুণৰ হেৰ-ফেৰ হৈছে। এইবোৰ শব্দকো সন্ধি কৰোঁতে তৎসম শব্দৰ নিয়মতে কৰা হয়। উদাহৰণস্বৰূপে ‘এক’ৰ উচ্চাৰণ সংস্কৃতত ‘এক্অ’, কিন্তু অসমীয়াত ‘এক’। অর্থাৎ অসমীয়াত শেষত ‘অ’ স্বৰটো নাই। তথাপি ইয়াক সংস্কৃতৰ আর্হিতে ‘এক্অ’ + অধিক (‘এক’ৰ শেষত থকা ‘অ’ আৰু ‘অধিক’ৰ আদিত থকা ‘অ’ যোগ হৈ) ‘একাধিক’ হৈছে বুলি ধৰা হয়। সেইদৰে নীল + অচল (‘নীল’ অসমীয়াত ব্যঞ্জনান্ত যদিও) নীলাচল বুলি ধৰা হয়। অসমীয়া ভাষাত থকা এই সন্ধিবোৰক স্বৰসন্ধি, ব্যঞ্জনসন্ধি, অনুস্বাৰ আৰু বিসর্গ সন্ধি : এনেদৰে ভাগ কৰি আলোচনা কৰিব পাৰি।

স্বৰসন্ধি


স্বৰবর্ণৰ লগত স্বৰবর্ণৰ যি সন্ধি হয়, তাক স্বৰসন্ধি বোলে।
১। এবিধ সবর্ণৰ এটা বর্ণ আগত আৰু এটা বর্ণ পিছত থাকিলে, দুয়ো মিলি দীর্ঘ হয় আৰু সেই দীর্ঘ বর্ণ আগৰ আখৰত যোগ হয়।
(সবর্ণ = স্বৰবর্ণবিলাকৰ অ-ৰ পৰা ঊ-লৈকে একেবিধৰ দুটাক সবর্ণ বোলে। যেনে : অ, আ; অ, অ; আ, আ; আ, অ আৰু ই, ই; ই, ঈ; ঈ, ঈ; ঈ, ই আৰু উ, উ; উ, ঊ; ঊ, ঊ; ঊ, উ।)
অ সবর্ণৰ সন্ধি : (অ+অ) মৃগ+অংক=মৃগাংক, বদ্ধ+অঞ্জলি=বদ্ধাঞ্জলি, দীপ+অন্বিতা=দীপান্বিতা, বস্ত্ৰ+অলংকাৰ=বস্ত্ৰালংকাৰ, হিম+আচল=হিমাচল, নীল+আচল=নীলাচল, গৌৰ+অংগ=গৌৰাংগ, দেৱ+অসুৰ=দেবাসুৰ, মুৰ+অৰি=মুৰাৰি আদি।
(অ+আ) কুশ+আসন=কুশাসন, হিম+আলয়=হিমালয়, দেৱ+আলয়=দেৱালয়, দীপ+আৱলী=দীপাৱলী, দশ+আনন=দশানন, মেঘ+আচ্ছন্ন=মেঘাচ্ছন্ন, চন্দ্ৰ+আলোক=চন্দ্ৰালোক আদি।
(আ+অ) মহা+অর্ঘ=মহার্ঘ, বিদ্যা+অলংকাৰ=বিদ্যালংকাৰ, আশা+অতীত=আশাতীত, সীমা+অন্ত=সীমান্ত আদি।
(আ+আ) মহা+আশয়=মহাশয়, বিদ্যা+আলয়=বিদ্যালয়, ক্ষুধা+আতুৰ=ক্ষুধাতুৰ, ধৰা+আসন=ধৰাসন, দয়া+আর্দ্ৰ=দয়ার্দ্ৰ, উমা+আনন্দ=উমানন্দ, সদা+আনন্দ=সদানন্দ।

ই সবর্ণৰ সন্ধি : (ই+ই) প্ৰতি+ইতি=প্ৰতীতি, অভি+ইষ্ট=অভীষ্ট, গিৰি+ইন্দ্ৰ=গিৰীন্দ্ৰ, অতি+ইত=অতীত আদি।
(ই+ঈ) ক্ষিতি+ঈশ=ক্ষিতীশ, প্ৰতি+ঈক্ষা=প্ৰতীক্ষা, গিৰি+ঈশ=গিৰীশ, পৰি+ঈক্ষা=পৰীক্ষা আদি।
(ঈ+ঈ) পৃথিৱী+ঈশ্বৰ=পৃথিৱীশ্বৰ, গৌৰী+ঈশ্বৰ=গৌৰীশ্বৰ।
উ সবর্ণৰ সন্ধি : (উ+উ) কুটু+উক্তি=কটূক্তি, মধু+উৎসৱ=মধূৎসৱ, গুৰু+উপদেশ=গুৰূপদেশ, ভানু+উত্তাপ=ভানূত্তাপ আদি।
(উ+ঊ) তৰু+ঊর্দ্ধ=তৰূর্দ্ধ, বায়ু+ঊর্ম্মি=বায়ূর্ম্মি।
(ঊ+উ) বধূ+উন্নতি=বধূন্নতি, স্বয়ম্ভূ+উদয়=স্বয়ম্ভূদয়।
(ঊ+ঊ) ভূ+ঊর্দ্ধ=ভূর্দ্ধ।

২। অ-সবর্ণৰ পিছত ই সবর্ণ থাকিলে দুয়ো মিলি এ হয় আৰু সেই এ আগৰ শব্দৰ শেষ আখৰত যোগ হয়। যেনে : গণ+ঈশ=গণেশ, মহা+ঈশ্বৰ=মহেশ্বৰ, পৰম+ঈশ্বৰ=পৰমেশ্বৰ, নৰ+ইন্দ্ৰ=নৰেন্দ্ৰ, যথা+ইষ্ট=যথেষ্ট, ৰমা+ঈশ=ৰমেশ, শুক্ৰ+ঈশ্বৰ=শুক্ৰেশ্বৰ আদি।
৩। আগৰ শব্দৰ শেষৰ অ আৰু পিছৰ শব্দৰ আদিতে থকা উ মিলি ও হয়। যেনে : ফল+উদয়=ফলোদয়, পাদ+উদক=পাদোদক, গংগা+উদক=গংগোদক আদি।
৪। অ-সবর্ণৰ পিছত ঋ থাকিলে দুয়ো মিলি অৰ হয়। তাৰ অ আগৰ শব্দৰ শেষত যোগ হয় আৰু ৰ পিছৰ শব্দৰ আদি আখৰত ৰে’ফ হিচাপে বহে।
কিন্তু সন্ধি হোৱা পদ দুটাৰ তৃতীয়া তৎপুৰুষ সমাস হ’লে ঋ আৰু অ-সবর্ণৰ আখৰ মিলি আৰ-হে হয়। যেনে : শোক+ঋত=শোকার্ত, ক্ষুধা+ঋত=ক্ষুধার্ত আদি।
৫। অ-সবর্ণৰ পিছত এ বা ঐ থাকিলে দুয়ো মিলি ঐ হয়। যেনে : জন+এক=জনৈক, তথা+এৱচ=তথৈৱচ আদি।
৬। অ-সবর্ণৰ পিছত ও বা ঔ থাকিলে দুয়ো মিলি ঔ হয়। যেনে : জল+ওকা=জলৌকা, মহা+ঔষধ=মহৌষধ আদি।
৭। এ-কাৰৰ পিছত স্বৰবর্ণ থাকিলে এ-ৰ ঠাইত অয় হয়। যেনে : শে+অন=শেয়ন, নে+অন=নয়ন আদি।
৮। ঐ-কাৰৰ পিছত স্বৰবর্ণ থাকিলে ঐ-ৰ ঠাইত আয় হয়। আয়-ৰ আ আগৰ আখৰত যোগ হয় আৰু পিছৰ শব্দৰ আদি স্বৰ য়-ত যোগ হয়, যেনে : গা+অন=গায়ন, নৈ+অক=নায়ক আদি।
৯। ও-কাৰৰ পিছত স্বৰবর্ণ থাকিলে ও-ৰ ঠাইত অৱ হয়। অৱ-ৰ অ আগৰ আখৰত যোগ হয় আৰু পিছৰ শব্দৰ আদি স্বৰ ৱ-ত যোগ হয়, যেনে : ভো+অন=ভৱন, পো+অন=পৱন আদি।
১০। ঔ-কাৰৰ পিছত স্বৰবর্ণ থাকিলে ঔ-ৰ ঠাইত আৱ হয়। আৱ-ৰ আ আগৰ আখৰত যোগ হয় আৰু পিছৰ শব্দৰ আদি স্বৰ ৱ-ত যোগ হয়, যেনে : ভৌ+উক=ভাৱুক (ভাবুক), নৌ+ইক=নাৱিক আদি।

বি: দ্ৰ: অ-ৰ ঠাইত অ; ই, ঈ-ৰ ঠাইত এ; উ, ঊ-ৰ ঠাইত ও; ঋ-ৰ ঠাইত অৰ্ হোৱাক সংস্কৃত ব্যাকৰণৰ ভাষাত গুণ হোৱা বোলে। সেইদৰে অ-ৰ ঠাইত আ; ই আৰু ঈ-ৰ ঠাইত ঐ; উ আৰু ঊ-ৰ ঠাইত ঔ আৰু ঋ-ৰ ঠাইত আৰ্ হোৱাক বৃদ্ধি হোৱা বোলে।

ব্যঞ্জনসন্ধি


ব্যঞ্জনবর্ণৰ লগত ব্যঞ্জন বা স্বৰবর্ণৰ যি সন্ধি হয়, তাক ব্যঞ্জনসন্ধি বোলে।



১। চ বা ছ পিছত থাকিলে ত আৰু দ লোপ পাই চ হয়। যেনে-উৎ+চাৰণ=উচ্চাৰণ, সৎ+চৰিত্ৰ=সচ্চৰিত্ৰ, উৎ+ছেদ=উচ্ছেদ, উৎ+ছন্ন=উচ্ছন্ন, বিপদ+চিন্তা=বিপচ্চিন্তা।
২। জ বা ঝ পিছত থাকিলে ণ ত, আৰু দ লোপ হৈ জ হয়। যেনে : উৎ+জ্বল=উজ্জ্বল, বিপদ+জনক=বিপজ্জনক।
৩। ট বা ঠ পিছত থাকিলে ত আৰু দ-ৰ ঠাইত ট হয়। যেনে : তদ+টীকা=তট্টীকা।
৪। ড বা ঢ পিছত থাকিলে ত আৰু দ মৰি ড হয়। যেনে : উৎ+ডীন=উড্ডীন।
৫। ল পিছত থাকিলে ত আৰু দ লোপ পাই ল হয়। যেনে : উৎ+লিখিত=উল্লিখিত, উৎ+লাস=উল্লাস।
৬। শ পিছত থাকিলে ত আৰু দ মৰি চ হয় আৰু পিছত থকা শ-ৰ ঠাইত ছ হয়। যেনে : শৰৎ+শশী=শৰচ্ছশী, উৎ+ শৃংখল =উচ্ছৃংখল।
৭। ছ পিছত থাকিলে আগৰ পদৰ শেষত এটা চ হয়। যেনে : জল+ছেদ=জলচ্ছেদ।
৮। চ বা জ আগত থাকিলে পিছৰ ন লোপ পাই ঞ হয়। যেনে : যাচ+না=যাচ্ঞা, যজ+ন=যজ্ঞ।
৯। হ পিছত থাকিলে ত-ৰ ঠাইত দ হয় আৰু পিছৰ হ মৰি ধ হয়। যেনে : উৎ+হাৰ=উদ্ধাৰ, উৎ+হত=উদ্ধত, তৎ+হিত=তদ্ধিত ।
১০। আগৰ শব্দৰ শেষত দ থাকিলে পিছৰ শব্দৰ আদিতে থকা হ মৰি ধ হয়। যেনে : বিপদ+হেতু=বিপদ্ধেতু।
১১। ষ-ৰ পিছত থকা ত আৰু থ ক্ৰমে ট আৰু ঠ হয়। যেনে : উৎকৃষ+ত=উৎকৃষ্ট, প্ৰৱিষ্+ত=প্ৰৱিষ্ট, বৃষ্+তি=বৃষ্টি।
১২। স্বৰবর্ণ বা বর্গৰ তৃতীয়, চতুর্থ, পঞ্চম বর্ণ, অথবা য ৰ ল ৱ হ পিছত থাকিলে বর্গৰ প্ৰথম বর্ণ মৰি সেই বর্গৰ তৃতীয় বর্ণ হয়। যেনে : দিক+অন্ত=দিগন্ত, বাক+আড়ম্বৰ=বাগাড়ম্বৰ, ঋক+বেদ=ঋগ্বেদ, দিক+গজ=দিগ্গজ, অপ+দ=অব্দ, বৃহৎ+ৰথ=বৃহদ্ৰথ, নিচ+অন্ত=নিজন্ত, জগৎ+অম্বা=জগদম্বা, সৎ+উপদেশ=সদুপদেশ আদি।
১৩। ন বা ম পিছত থাকিলে বর্গৰ প্ৰথম বর্ণৰ ঠাইত সেই বর্গৰ পঞ্চম বর্ণ হয়। যেনে : বাক+ময়=বাঙ্ময়। জগৎ+নাথ=জগন্নাথ, উৎ+নতি=উন্নতি, উৎ+মত্ত=উন্মত্ত, তৎ+ময়=তন্ময় আদি।
১৪। উৎ শব্দ আগত থাকিলে স্থা আৰু স্তনভ ধাতুৰ স লোপ হয়। যেনে : উৎ+স্থান=উত্থান, উৎ+স্তনভ=উত্তনভ।
১৫। আগৰ স্বৰযুক্ত নোহোৱা ব্যঞ্জনবর্ণ পিছৰ স্বৰবর্ণত বা স্বৰযুক্ত ব্যঞ্জনত সদায় যোগ হয়। যেনে : বছৰ+এক=বছৰেক, মাহ+এক=মাহেক, পষ+এক=পষেক, সম+পত্তি=সম্পত্তি, মানুহ্+ও=মানুহো, মানুহ+অক=মানুহক, মানুহ্+এ=মানুহে আদি।

অনুস্বাৰ আৰু বিসর্গ সন্ধি


অনুস্বাৰ আৰু বিসর্গৰ লৰচৰ ঘটাই যি সন্ধি কৰা হয় তাকে এই শিতানত ধৰা হয়। দৰাচলতে এই সন্ধিও ব্যঞ্জনসন্ধিৰে ভিতৰুৱা।


১। অন্তঃস্থ বা উষ্মবর্ণ পিছত থাকিলে আগৰ ম মৰি অনুস্বাৰ হয়। যেনে : সম+সর্গ=সংসর্গ, সম+যম=সংযম, সম+লগ্ন=সংলগ্ন, বশম+বদ=বশংবদ। কিন্তু সিদ্ধ পদটোৱে ৰজা বুজালে ম অনুস্বাৰলৈ সলনি নহয়; যেনে : সম্+ৰাট=সম্ৰাট।
২। অনুস্বাৰৰ পিছত যি বর্গৰ বর্ণ থাকে, অনুস্বাৰ মৰি সেই বর্গৰ পঞ্চম বর্ণ হয়। যেনে : সং+চয়=সঞ্চয়, সং+পর্ক=সম্পর্ক আদি। এই নিয়মমতে সং+গতি=সঙ্গতি, কিং+কৰ=কিঙ্কৰ আদি ৰূপ হ’ব লাগে যদিও অসমীয়া ভাষাত আজিকালি এইবোৰ সৰল কৰি, অর্থাৎ সংগতি, কিংকৰ ৰূপত লিখা হয়।
৩। চ, ছ পিছত থাকিলে আগৰ বিসর্গ মৰি শ হয়; ট, ঠ পিছত থাকিলে সেই বিসর্গ ষ হয়, আৰু ত, থ থাকিলে স হয়। যেনে : নিঃ+চয়=নিশ্চয়, শিৰঃ+ছেদন=শিৰশ্ছেদন। ধনুঃ+টংকাৰ=ধনুষ্টংকাৰ, নিঃ+তেজ=নিস্তেজ, মনঃ+তাপ=মনস্তাপ আদি।
৪। অ, বা বর্গৰ তৃতীয়, চতুর্থ, পঞ্চম বর্ণ, বা য, ৰ, ল, ৱ, হ পিছত থাকিলে, অ-কাৰৰ পিছত থকা স-জাত বিসর্গ আৰু সেই অ-কাৰ দুয়ো মিলি ও হয়, পিছত যদি অ-কাৰ থাকে, সি লোপ পায়। যেনে : মনঃ+অভিমত=মনোভিমত, বয়ঃ+অধিক=বয়োধিক, অধঃ+গতি=অধোগতি, শিৰঃ+ভূষণ=শিৰোভূষণ, মনঃ+যোগ=মনোযোগ, মনঃ+মত=মনোমত, সৰঃ+বৰ=সৰোবৰ, মনঃ+হৰ=মনোহৰ।
৫। অ-কাৰৰ বাদে আন স্বৰবর্ণ পিছত থাকিলে অ-কাৰৰ পিছত থকা স-জাত বিসর্গ লোপ হয়। লোপৰ পিছত শব্দ দুটাৰ সন্ধি নহয়। যেনে : অতঃ+এব=অতএব।
৬। স্বৰবর্ণ বা বর্গৰ তৃতীয়, চতুর্থ, পঞ্চম বর্ণ বা য, ৰ, ল, ৱ, হ পিছত থাকিলে ৰ-জাত বিসর্গ মৰি ৰ হয়। যেনে : পুনঃ+অপি=পুনৰপি, পুনঃ+জনম=পুনর্জন্ম, দুঃ+মূল্য=দুর্মূল্য, দুঃ+ভাবনা=দুর্ভাবনা, দুঃ+ঘোৰ=দুর্ঘোৰ, অন্তঃ+আত্মা=অন্তৰাত্মা আদি। (স-কাৰান্ত শব্দৰ সংস্কৃতত প্ৰথমা বিভক্তিৰ একবচনত স মৰি বিসর্গ হয়। সেই বিসর্গকে স-জাত বিসর্গ বোলে। সেইদৰে, কিছুমান অব্যয় শব্দৰ অন্ততো স্ থাকে। যেনে : অধস্, অতস্, ততস্। এই স-বিলাকো বিসর্গৰ আকাৰত থাকে; যেনে : অধঃ, অতঃ, ততঃ। এই বিসর্গবিলাকো সজাত বিসর্গ)। (কোনো কোনো পদৰ আৰু কোনো কোনো উপসর্গৰ অন্তত ৰ থাকে। এই ৰ সাধাৰণতে বিসর্গৰ ৰূপত থাকে। এই বিসর্গবিলাক ৰ-ৰ পৰা জন্মিছে বাবে সিহঁতক ৰ-জাত বিসর্গ বোলা হয়। ইয়াৰ কেইটামান উদাহৰণ : প্ৰাতৰ-প্ৰাতঃ, পুনৰ-পুনঃ, অন্তৰ-অন্তঃ, দুৰ-দুঃ, নিৰ-নিঃ আদি)।
৭। স্বৰবর্ণ বা বর্গৰ তৃতীয়, চতুর্থ বা পঞ্চম বর্ণ বা য, ৰ, ল, ৱ, হ পিছত থাকিলে অ-সবর্ণৰ বাজে আন স্বৰবর্ণৰ পিছত থকা সকলো বিধৰ বিসর্গ মৰি ৰ হয়। যেনে : নিঃ+আকাৰ=নিৰাকাৰ, আশীঃ+বাদ=আশীর্বাদ, নিঃ+মূল=নির্ম্মূল আদি।
৮। ক, খ, প, ফ পিছত থাকিলে আগৰ বিসর্গ মৰি স হয়, কিন্তু সেই বিসর্গ অ-সবর্ণৰ বাজে আন স্বৰবর্ণৰ পিছত থাকিলে ষ হয়। যেনে : মনঃ+কামনা=মনস্কামনা, ভাঃ+কৰ=ভাস্কৰ, কিন্তু নিঃ+পাপ=নিষ্পাপ, চতুঃ+কোণ=চতুষ্কোণ। (অন্তঃকৰণ, অধঃপাত, মনঃপীড়া, শিৰঃপীড়া : এইকেইটা শব্দত এই নিয়ম মতে বিসর্গ স বা ষ নহয়)।
৯। ৰ পিছত থাকিলে আগৰ বিসর্গ লোপ হয়, আগৰ হ্ৰস্ব স্বৰ দীর্ঘ হয়। যেনে : নিঃ+ৰস=নীৰস, নিঃ+ৰৱ=নীৰৱ, নিঃ+ৰোগ=নীৰোগ আদি।

বি: দ্ৰ: ওপৰত দিয়া সন্ধিৰ নিয়মবোৰ সংস্কৃত ভাষাৰ নিয়ম। অসমীয়া ভাষাত এইবোৰৰ কিছুমান সামান্য হেৰফেৰ হৈও ব্যৱহৃত হোৱা দেখা যায়। আনহাতে কিছুমান সন্ধি এই নিয়মবোৰৰ ভিতৰত নপৰাকৈ, বা কোনো নিয়মত নপৰাকৈও নিষ্পন্ন হয়।

সন্ধিৰ কিছুমান উদাহৰণ

অদ্য+অপি = অদ্যাপি, অতি+অধিক = অত্যধিক
অন+এষণ = অন্বেষণ, উৎ+হাৰ = উদ্ধাৰ
উৎ+লিখিত = উল্লিখিত (অর্থ : ওপৰত লিখিত),
ঋক+বেদ = ঋগ্বেদ, কটু+উক্তি = কটূক্তি
কিম+অধিক+কম=কিমাধিকম, কিম+অধিক+কম+ইতি=কিমাধিকমিতি
কিম+ভূত+কিম+আকাৰ=কিম্ভূতকিমাকাৰ, খেদ+উক্তি = খেদোক্তি
গিৰি+ঈশ = গিৰীশ, নৰ+ইন্দ্ৰ = নৰেন্দ্ৰ
নিঃ+চয় = নিশ্চয়, নো+ইক = নাৱিক
পুনঃ+অপি = পুনৰপি, বাক+আড়ম্বৰ = বাগাড়ম্বৰ
বাক+ঈশ = বাগীশ, বিনয়+অৱনত = বিনয়াৱনত
মনঃ+তাপ = মনস্তাপ, মনঃ+যোগ = মনোযোগ
মনস্+ঈষা = মনীষা (নিপাতনে সিদ্ধ), মৰু+উদ্যান = মৰূদ্যান
যদি+অপি = যদ্যপি, ৰমা+ঈশ = ৰমেশ
সৎ+উপদেশ = সদুপদেশ, সু+অস্তি = স্বস্তি
হৰি+চন্দ্ৰ = হৰিশ্চন্দ্ৰ (নিপাতনে সিদ্ধ), ক্ষিতি + ঈশ = ক্ষিতীশ

ণত্ববিধি


সংস্কৃত ভাষাত ৰ ধ্বনিৰ পিছত থকা ন উচ্চাৰণ কৰোঁতে সি মূর্ধন্য ধ্বনিলৈ পৰিৱর্তন হয়। অর্থাৎ ৰ-ৰ পিছত ন কওঁতে জিভাখন অলপ পিছলৈ নি আগ তালুৰ ওপৰত লগোৱা হয়।
ধ্বনি উচ্চাৰণৰ এই বৈশিষ্ট্যৰ ভিত্তিত ৰ আৰু ন-ৰ মাজত কোনবোৰ ধ্বনি (বর্ণ) থাকিলে ন-ৰ এই বিশিষ্ট উচ্চাৰণ ব্যাহত হয়, কোনবোৰ থাকিলে নহয়, তাক চিহ্নিত কৰা হৈছে।
এইবোৰকে সংস্কৃতত ণত্ববিধি বোলা হয়। আমাৰ অসমীয়া ভাষাৰ উচ্চাৰণ বৈশিষ্ট্য সংস্কৃত ভাষাৰ লগত অলপো নিমিলে। অর্থাৎ, অসমীয়াত ৰ-ৰ পিছত বহিলেও ন ধ্বনিৰ
উচ্চাৰণৰ কোনো সালসলনি নহয়। গতিকে অসমীয়া ভাষাত ৰ আৰু ন-ৰ মাজত কি ধ্বনি (বর্ণ) থাকিলে বা নাথাকিলে ণ হ’ব বা নহ’ব, সেই বিচাৰ অর্থহীন।
কিন্তু অসমীয়া ভাষাত সংস্কৃত ভাষাৰ বহুবোৰ শব্দ ব্যৱহাৰ কৰা হয়। এই শব্দবোৰৰ উচ্চাৰণ সংস্কৃতৰ দৰে নহৈ অসমীয়াৰ দৰেহে। কিন্তু তাৰ চকুৱে দেখা ৰূপটো সংস্কৃতৰ দৰে।
এই শব্দবোৰ সংস্কৃত ভাষাৰ নিয়মতে লিখাৰ পৰম্পৰা চলি আহিছে। সেয়ে কোনবোৰ শব্দৰ ন মূর্ধন্য (ণ) হয়, ণত্ববিধি জানি সেইবোৰ শব্দ সেই নিয়মত লিখা দৰকাৰ হয়।
কিন্তু মনত ৰাখিব লগীয়া কথা হ’ল, ণত্ববিধিৰ নিয়ম কেৱল সংস্কৃত ভাষাৰ শব্দবোৰৰ ক্ষেত্ৰতহে প্ৰযোজ্য। খাচ অসমীয়া শব্দবোৰ (যেনে : নৰানি, তৰানি, ধৰফৰনি, মৰমৰনি,
কৰকৰনি আদি), বিদেশী শব্দবোৰ (যেনে : জার্মানি, ইৰান, ৰান, গ্ৰীন, য়ুৰেনাছ আদি), আৰবী-ফার্চী শব্দবোৰ (যেনে : হাইৰান, নজৰানা আদি)ত অযথা এই নিয়মবোৰ প্ৰয়োগ কৰিব
নালাগে। ই সম্পূর্ণ যুক্তিহীন হোৱাৰ লগতে বেমেজালিও বঢ়ায়।

সাধাৰণভাৱে ণত্ববিধি-ৰ নিয়মকেইটা

১। ঋ, ৰ আৰু ষ-ৰ পিছত থকা ন মূর্ধন্য (ণ) হয়, যেনে : ঋণ, তৃণ, কাৰণ, অৰুণ, কৃষাণু, বৰষুণ।
২। ঋ, ৰ, ষ আৰু ন-ৰ মাজত কোনো স্বৰবর্ণ বা ক-বর্গ আৰু প-বর্গৰ কোনো বর্ণ, বা য, ৱ, হ, বা ং অনুস্বাৰ থাকিলেও সেই ন মূর্ধন্য হয়। যেনে : কৃপণ, গ্ৰহণ, ব্ৰাহ্মণ, ৰাৱণ, নাৰায়ণ।
কিন্তু মাজত আন বর্গৰ বর্ণ থাকিলে ন মূর্ধন্য নহয়, যেনে : দর্শন, বর্জন, ৰচনা, প্ৰধান আদি।
৩। দুটা বেলেগ বেলেগ শব্দ গোট খাই এটা হ’লে, আগৰ শব্দটোত ঋ, ৰ, ষ, থাকিলেও পিছৰ শব্দৰ ন মূর্ধন্য নহয়। যেনে : দুর্নাম, হৰিনাম, চিত্ৰবন, ত্ৰিনয়ন, সর্বনাম, হৰিনাথ আদি।
৪। উত্তৰ, চান্দ্ৰ, পৰ, পৰা নাৰা, ৰাম শব্দৰ পিছত থকা ‘অয়ন’ শব্দৰ ন মূর্ধন্য হয়। যেনে : উত্তৰ+অয়ন= উত্তৰায়ণ, চান্দ্ৰ+অয়ন=চান্দ্ৰায়ণ, পৰ+অয়ন=পৰায়ণ আদি।
৫। প্ৰ, পূর্ব, পৰ, অপৰ শব্দ আগত থাকিলে পিছৰ পদত থকা ‘অহ্ন’ শব্দৰ ন মূর্ধন্য হয়। যেনে : প্ৰ+অহ্ন= প্ৰাহ্ণ, পৰ+অহ্ন=পৰাহ্ণ, পূর্ব+অহ্ন=পূর্বাহ্ণ আদি।
৬। দুটা শব্দ গোট খাই এটা প্ৰসিদ্ধ নাম হ’লে আগৰ শব্দত ঋ, ৰ বা ষ থাকিলে পিছৰ শব্দৰ ন মূর্ধন্য হয়। যেনে : শূর্পণখা, অক্ষৌহিণী।
৭। ঋ, ৰ, ষ-ৰ পিছত থাকিলেও পদৰ শেষত থকা হসন্ত ন মূর্ধন্য নহয়। যেনে : নৰান্, ব্ৰহ্মচাৰিন্।
৮। ত-বর্গৰ কোনো আখৰৰ লগত যোগ হোৱা ন সদায় ন আৰু ট-বর্গৰ লগত যোগ হোৱা ন সদায় মূর্ধন্য (ণ) হয়। যেনে : বৃন্দাবন, ৰন্ধন আৰু কণ্টক, ৰণ্ড, পিণ্ড আদি।
৯। দুৰ্ উপসর্গৰ বাজে আন উপসর্গৰ ৰ-কাৰৰ পিছত থকা নম্, নী, নদ, অন, হন, নু আদি ধাতুৰ ন মূর্ধন্য হয়। যেনে : প্ৰ- নম্+ঘঞ্=প্ৰণাম, প্ৰ- নী+অচ্=প্ৰণয়।

ন আৰু ণ-ৰ খেলিমেলি লগা কেইটামান শব্দ


ন হোৱা শব্দ : অংকন, কৰঙন, চেগুন, দুর্নাম, ধীৰেন, পুৰুষানুক্ৰমে, মূর্ধন্য, বিতাড়ন, শগুন, ৰমন্যাস, লঘোন, হীৰেন। (এইবোৰৰ উপৰি কৰকৰনি, ধৰফৰনি, মৰমৰনি, ৰমৰমনি, পিৰপিৰনি, জিৰজিৰনি, সুৰসুৰনি, চিৰচিৰনি আদি
ধ্বন্যাত্মক শব্দবোৰ, চাকৰনী, বৰানী, চুৰুনী আদি নী-অনী স্ত্ৰী-প্ৰত্যয়যুক্ত শব্দবোৰ, নৰানি, তৰানি, খেৰনি আদি খাচ অসমীয়া শব্দবোৰত সদায় ন হয়।
কিন্তু সংস্কৃত স্ত্ৰী প্ৰত্যয়যুক্ত শব্দৰ ন মূর্ধন্য হয়, যেনে : গৃহিণী, ভিক্ষুণী আদি)।

ণ হোৱা শব্দ : অতিক্ৰমণ, অৰিহণা, আঘোণ, আৰোহণ, উৎসৱ-পার্বণ, উত্তৰায়ণ, কণুৱা, খেৰশণী, গৃহিণী, গ্ৰামীণ, দখিণাৱৰী, নির্বাণ, নির্মীয়মাণ, পৰিবহণ, পুণী, প্ৰৱহমাণ, প্ৰাংগণ, ভ্ৰাম্যমাণ, মামণি, মুদ্ৰণ, ম্ৰিয়মাণ, ৰমণীয়, লগুণ, লতা, শগুণী, শাওণ, শাণিত, স্থাণু, ক্ষীয়মাণ আদি।

ষত্ববিধি


ণত্ববিধিৰ দৰেই সংস্কৃত ভাষাত ষত্ববিধি বুলিও এটা বিধি আছে। ইয়াৰো আঁৰৰ কথাখিনি ণত্ববিধিৰ দৰে একেই। অর্থাৎ কিছুমান ধ্বনিৰ পিছত থকা স ধ্বনি উচ্চাৰণ কৰোঁতে সি মূর্ধন্য ধ্বনিলৈ পৰিৱর্তন হয়। অথবা উচ্চাৰণ কৰোঁতে জিভাখন অলপ পিছলৈ নি আগ তালুৰ ওপৰত লগোৱা হয়। স-ৰ এই বিশিষ্ট উচ্চাৰণৰ ক্ষেত্ৰত যিবোৰ নিয়ম আছে, সেইবোৰকে সংস্কৃতত ষত্ববিধি বোলা হয়।


সাধাৰণভাৱে ষত্ববিধিৰ নিয়মকেইটা

১। অ-সবর্গৰ বাজে আন স্বৰবর্ণ, বা ক বা ৰ আগত থাকিলে প্ৰত্যয়ৰ দন্ত্য স মূর্ধন্য ষ হয়।
যেনে : মৃ+সন্+উ=মুমূর্ষু, শ্ৰীচৰণ+সু=শ্ৰীচৰণেষু। কিন্তু সাৎ প্ৰত্যয়ৰ স মূর্ধন্য (ষ) নহয়। যেনে : ভুমিসাৎ, অগ্নিসাৎ, জনসাৎ আদি।
২। ই বা উ অন্তত থকা উপসর্গৰ পিছত সদ্, সিচ্, সিধ্, নম্ আৰু স্থা আদি ধাতুৰ স মূর্ধন্য (ষ) হয়।
যেনে : বি- সদ্+ঘঞ=বিষাদ, অভি- সিচ্+ঘঞ=অভিষেক, নি-সিধ্+ঘঞ্=নিষেধ, অভি- লস্+ঘঞ=অভিলাষ, প্ৰতি- স্থা+ঙ্=প্ৰতিষ্ঠা, অনু-স্থা+অনট্=অনুষ্ঠান।
৩। ভূমি, গো, অঙ্গু শব্দৰ পিছত থকা স্থ শব্দৰ স, আৰু যুধি শব্দৰ পিছত থকা স্থিৰ শব্দৰ স মূর্ধন্য ষ হয়।
যেনে : ভূমি+স্থ=ভূমিষ্ঠ, গো+স্থ=গোষ্ঠ, অঙ্গু+স্থ=অঙ্গুষ্ঠ (অংগুষ্ঠ), যুধি+স্থিৰ=যুধিষ্ঠিৰ।
৪। প্ৰত্যয় যোগ হ’লে হবিস্ আৰু চক্ষুস্ শব্দৰ স্ মূর্ধন্য ষ হয়। যেনে : হবিস্+য=হবিষ্য, চক্ষুস্+ষ্ণ=চাক্ষুষ।
৫। ত-বর্গৰ আখৰৰ লগত সদায় স যুক্ত হয় আৰু ট-বর্গৰ আখৰৰ লগত সদায় ষ যুক্ত হয়।

উপৰোক্ত, তাৰোপৰি, ইয়াৰোপৰি, বানাক্ৰান্ত আদি


এই শব্দবোৰ ভুল বুলি কৈ যুক্তি দিয়া হয় যে তৎসম শব্দৰ সন্ধি কেৱল তৎসম শব্দৰ সৈতেহে কৰা উচিত বা সেইটোহে নিয়ম।
কিন্তু অসমীয়া ভাষাৰ নিয়মক কেৱল সংস্কৃত ভাষাৰ নিয়মেৰে বিচাৰ কৰিলে নহ’ব। অসমীয়া ভাষাৰ নিজা কালিকা, নিজা ঠাচ, ৰীতি আছে।
অসমীয়া ভাষাত খ্ৰীষ্টাব্দ( খ্ৰীষ্ট + অব্দ), ফিল্মোৎসৱ, যাত্ৰাপার্টি, হেড-পণ্ডিত, স্কুলীয়া, কলেজীয়া, গেছীয় আদি দুটা পৃথক পৃথক ভাষাৰ শব্দ আৰু অনুপদৰ মাজত
সততে সন্ধি-সমাস হৈয়ে থাকে। সংস্কৃত ভাষাত সংস্কৃত আৰু অসংস্কৃত শব্দৰ সন্ধি-সমাস হোৱাৰ নিয়ম নাই, নাথাকক। কিন্তু তাৰ বাবেই অসমীয়া ভাষাতো নাথাকিব নে?
সংস্কৃত ভাষাৰ ধূতি-বিধূতি অসমীয়া ভাষাত কেলেই? গতিকে এইবোৰ শব্দও সমানে শুদ্ধ বুলি নিঃসংকোচে ব্যৱহাৰ কৰিব লাগে।

সমাস

সমাস সন্ধিৰ দৰেই এটা ব্যৱস্থা, য’ত একেটা অৰ্থ প্ৰকাশ কৰিবলৈ একাধিক পদক লগ লগাই এটাৰ দৰে কৰা হয়। এই দুইটাৰ মাজত প্ৰধান পার্থক্যটো হ’ল এই যে দুটা শব্দৰ সন্ধি হ’লে সিহঁতৰ অর্থৰ লৰচৰ নহয়।
তদুপৰি সন্ধি হোৱা পদকেইটাৰ বিভক্তিবোৰো সন্ধিৰ নিয়মত যোৰা লাগে। কিন্তু সমাস হোৱা পদবোৰৰ অর্থৰ লৰচৰ হোৱা দেখা যায়, কেতিয়াবা সিহঁতে আগে বুজোৱা অর্থ এৰি নতুন অর্থৰ বাহক হৈ উঠে। আনহাতে সমাস হ’লে পদকেইটাৰ বিভক্তি লোপ পায়, নতুন পদটোৰ শেষতহে বিভক্তি লাগে। সমাস মুঠতে ছয় প্ৰকাৰৰ : দ্বন্দ্ব, বহুব্ৰীহি, কর্মধাৰয়, তৎপুৰুষ, দ্বিগু আৰু অব্যয়ীভাব। এই ছয় প্ৰকাৰৰো আকৌ কিছুমান ভাগ হয়।
ইয়াত সেইবোৰৰ সংজ্ঞা আৰু উদাহৰণ কোনোটোৰে আলোচনা কৰা হোৱা নাই। অসমীয়া ভাষাত ব্যৱহৃত শব্দ গোটাচেৰেকৰ সমাস-সম্পর্কীয় খেলিমেলি কিছুমানহে আলোচনা কৰা হৈছে।
অসমীয়া ভাষাত (প্ৰায়বোৰ নব্য ভাৰতীয় ভাষাতে) বহুবোৰ শব্দ সমাসবদ্ধ ৰূপত পোৱা যায়। সেইবোৰৰ বেছিভাগেই দুটা নামবাচক শব্দৰ সমষ্টি।
এই শব্দবোৰ লিখোঁতে এটা শব্দৰ দৰে লিখিব লাগে। যেনে : জানকীবল্লভ, ৰাধাগোবিন্দ, ৰোহিণীবল্লভ, কৃষ্ণকান্ত, ফণীভূষণ, কুলতিলক, কৈলাসনাথ আদি।
ইংৰাজীত অৱশ্যে এই শব্দবোৰ পৃথক কৰি লিখা হয়। ইংৰাজীত এনেকৈ সমাস হোৱাৰ নিয়ম নাই। তদুপৰি ইংৰাজীত শব্দবোৰৰ প্ৰতিটো sylable-এ শব্দবোৰৰ সংক্ষিপ্ত ৰূপবোৰ লিখাত
গুৰুত্বপূর্ণ ভূমিকা লয়। যেনে : ‘কৃষ্ণকান্ত সন্দিকৈ’ নামটো ইংৰাজীত সংক্ষেপে কে কে হেন্দিক বুলি লিখা হয়। ইয়াকে দেখি বহুতে অসমীয়াতো ইয়াক দুছোৱা কৰি ‘কৃষ্ণ কান্ত’ বুলি লিখে।
ৰোহিণীবল্লভ, ৰাধাগোবিন্দ, জানকীবল্লভ আদি শব্দবোৰ প্ৰকৃততে ৰোহিণীৰ বল্লভ, ৰাধাৰ গোবিন্দ, জানকীৰ বল্লভ-ৰ প্ৰথম অংশৰ ৰ লোপ হৈ সমাসবদ্ধ হৈছে।
কিন্তু ইংৰাজীত লিখোঁতে এই শব্দবোৰ দুটা অংশ কৰি লিখা হয়। ইংৰাজীত কেনেকৈ লিখে তালৈ চাইহে অসমীয়া ভাষাৰ ঠাচ নির্ণয় কৰিব নালাগে।
প্ৰত্যেক ভাষাৰে নিজা নিজা কালিকা থাকে। সেইটো ৰক্ষিত হোৱা উচিত। ইংৰাজীত পৃথকে লিখা বহুতো ইংৰাজী শব্দও অসমীয়াত সমাস কৰি লিখা হয়।
উদাহৰণস্বৰূপে Jesus Christ, News paper শব্দকেইটা অসমীয়া ভাষাত ক্ৰমে যীশুখ্ৰীষ্ট, বাতৰিকাকত (বা বাতৰি-কাকত) আদি ৰূপতহে লিখা হয়।
কাৰণ ইয়াত আমাৰ ভাষাৰ প্ৰভাৱ আছে।

যোজক অব্যয়


যিবিলাক অব্যয় শব্দই এক বা একাধিক পদ বা বাক্য লগ লগায়, সেইবোৰকে যোজক অব্যয় বোলে। অসমীয়া ভাষাত বহুকেইটা যোজক অব্যয় পোৱা যায়।
যেনে : আৰু, বা, অথচ, অথবা, হেতু, কাৰণ, এতেকে, ও আদি। ও অব্যয় শব্দই আমাৰ ভাষাত ‘ওপৰঞ্চি’ ভাবহে প্ৰকাশ কৰে।
কিন্তু ইয়াক কেতিয়াবা ‘আৰু’ অব্যয়-ৰ বিকল্প হিচাপেও ব্যৱহাৰ কৰা দেখা যায়, যিটো বাংলা ভাষাৰহে বৈশিষ্ট্য। অসমীয়া ভাষাত ও মানে আৰু নহয়। ‘ৰাজু ও হৰি পৰীক্ষাত উপস্থিত আছিল’
এনে বাক্য শুদ্ধ নহয়। ‘ৰাজুও পৰীক্ষাত উপস্থিত আছিল’ : এই বাক্যতহে ও-ৰ প্ৰয়োগ যথাযথ হৈছে।

ও অব্যয়ৰ ব্যৱহাৰ সম্পর্কীয় আন কেইটামান দিশ :

১। অসমীয়া ভাষাত ও অব্যয় শব্দ বাক্যত গুটীয়া শব্দ হৈ নবহে। সি যি পদক প্ৰকাশ কৰে, সেই পদত যোগ হৈ বহে। ব্যঞ্জনান্ত শব্দৰ পিছত বহিলে ও শব্দটোৰ শেষ ব্যঞ্জনত যোগ হয়।
যেনে : মানুহ+ও=মানুহো; বান্দৰ+ও=বান্দৰো। এই ৰূপবোৰ মানুহও, বান্দৰও : এনে নহয়।
২। স্বৰান্ত শব্দৰ পিছত বহিলে ও শব্দটোৰ শেষ বর্ণ হৈ থাকে। যেনে : গাধ+ও=গাধও; পাৰ+ও=পাৰও; লৰা+ও=লৰাও; পুথি+ও=পুথিও; বন্ধু+ও=বন্ধুও;পিতৃ+ও=পিতৃও; মানুহে+ও=মানুহেও; তাৱৈ+ও=তাৱৈও; মনো+ও=মনোও। এই নিয়মৰ বাবেই সিয়ো শুদ্ধ নহয়, সিও-হে শুদ্ধ।
৩। ও অব্যয় যোগ হ’লে শব্দৰ শেষৰ অকলশৰীয়া ই, ঈ মৰি য় হয়, আৰু ও মৰি ৱ হয়। অব্যয় ও-টো সেই ‘য়’ত বা ‘ৱ’ত যোগ হয়।
যেনে : মই+ও=ময়ো, তই+ও=তয়ো, দুই+ও=দুয়ো, লৰাই+ও=লৰায়ো, গাওঁ+ও=গাৱোঁ, নাও+ও=নাৱো, তেওঁ+ও=তেৱোঁ আদি।
ও এটা স্বৰবর্ণ হোৱা বাবে পদৰ শেষত গুটীয়া স্বৰবর্ণ থাকিলে, সেই বর্ণক তাৰ নিচিনা উচ্চাৰণ হোৱা কোনো ব্যঞ্জনবর্ণত পৰিণত কৰি লৈ পৰিৱর্তিত ব্যঞ্জনবর্ণটোতহে ও যোগ দিয়া হয়।
মই, তই এইবোৰ শব্দৰ শেষত গুটীয়া ‘ই’ আছে। তাত ও-কাৰ যোগ দিব নোৱাৰি। সেই দেখি ই-টোক তাৰ অনুৰূপ ব্যঞ্জনবর্ণ ‘য়’ত পৰিণত কৰি তাত ও-কাৰ যোগ দি ময়ো, তয়ো কৰা হয়।
সেইদৰে পদৰ শেষত ও থাকিলেও তাক তাৰ অনুৰূপ ব্যঞ্জনবর্ণ ‘ৱ’ত পৰিণত কৰি লৈ তাত ও-কাৰ যোগ দিয়া হয়। তেৱোঁ, গাৱোঁ শব্দ এইদৰে সিদ্ধ হৈছে।
এতেকে মইও, তইও লিখা উচিত নহয়। কিন্তু ‘ই’-টো কোনো শব্দৰ অংশ নহৈ নিজে এটা শব্দ হ’লে, সেই ই ‘য়’ত পৰিণত নহয়; যেনে : ইও মোৰ লগত গৈছিল।
এই বাক্যটোত ‘ই’ এটা গুটীয়া শব্দ, সেয়ে ‘য়’-লৈ পৰিৱর্তন হোৱা নাই আৰু অব্যয় ও তাত ও-কাৰ হিচাপে যোগ নাই হোৱা।

চো, ধো, ৰো, শো ধাতুৰ ৰূপ



চো, ধো, ৰো, শো : এই ধাতুকেইটাত ক্ৰিয়া-বিভক্তি যোগ হওঁতে নিত্য বর্তমানৰ বাদে আন কালত আৰু অসমাপিকা ৰূপত ‘ও’-ৰ ঠাইত ‘উ’ হয়। তলত কেইখনমান টেবুলৰ সহায়ত দেখুওৱা হ’ল :
Assamese Grammar

অনুজ্ঞা অর্থত নিত্যবর্তমান কালত

Assamese Grammar


কেইটামান ধাতুৰ পাঁচনি ৰূপ


কিছুমান ধাতুৰ পাঁচনি ৰূপ হওঁতে বিশেষ নিয়মেৰে পৰিৱর্তন হোৱা দেখা যায়। শো, খা, ধো হ’ল এনে কেইটামান ধাতু।
‘শো’ আৰু ‘খা’ ধাতু পাঁচনিত ক্ৰমে ‘শু’ আৰু ‘খু’ হয়। যেনে : কেঁচুৱাটোক শুৱা, আলহীক ভাত খুৱা আদি।
‘ধো’ ধাতুৰ দুই ধৰণৰ ৰূপ হয়। গা বা গাৰ অংগ ধোৱা অর্থত হ’লে ইয়াৰ ও-কাৰৰ ঠাইত উ-কাৰ হয়। (যেনে : তাক গা ধুৱা, সি ল’ৰাটোক ভৰি ধুৱাব আদি)।
কিন্তু আন বস্তু ধোৱা বুজালে ‘ধো’-ৰ ও-কাৰ থাকে। যেনে : তাক কাপোৰকেইটা ধোৱা আদি)।
ওফৰ, ওলম, ওফন্দ, ওলট আদি কেইটামান ধাতুৰ পাঁচনি ৰূপ হওঁতে ইহঁতৰ দ্বিতীয় আখৰৰ অ-কাৰ কেতিয়াবা ও-কাৰ হোৱা দেখা যায়।
যেনে : ওলম+আ=ওলোমা, ওলট+আ= ওলোটা। অৱশ্যে এই নিয়ম নোহোৱাকৈও আন ধাতুবোৰৰ দৰেও ইহঁতৰ পাঁচনি ৰূপ হয়।
যেনে : ওলম+আ=ওলমা। ওলট+আ= ওলটা। এতেকে দুয়ো প্ৰকাৰৰ ৰূপেই চলিত।
‘সোমা’ ধাতু পাঁচনি ৰূপত ‘সুমা’ আৰু ‘সুমুৱা’ হয়। যেনে : ধানৰ বস্তাটো ভিতৰলৈ (ৰামৰ দ্বাৰা) সুমালোঁ, ধানৰ বস্তাটো ৰামক ভিতৰলৈ সুমুৱাবলৈ কোৱা হ’ল।
দ্বিতীয় বাক্যত ৰামৰ দ্বাৰা আনক কামটো কৰাবলৈ কোৱা বুজাইছে।


ভাষাৰ উজনি-নামনি

একেটা ভাষাৰে আঞ্চলিক ভেদ এটা স্বাভাৱিক কথা। এনে ভেদ সৃষ্টি হোৱাৰ অন্তৰালত অনেক কাৰণ থাকে। ৰাজনৈতিক বিচ্ছিন্নতা, ভৌগোলিক বিচ্ছিন্নতা, শ্ৰেণীগত বিচ্ছিন্নতা, সাংস্কৃতিক ভিন্নতা, অর্থনৈতিক পৰিস্থিতি, অন্য ভাষাৰ প্ৰভাৱ আদিয়েই প্ৰধান কাৰণ। কাৰণ যিয়েই নহওক, এই আঞ্চলিক ৰূপবোৰৰ কোনোবা এটা যেতিয়া মান্য ভাষাৰূপে স্বীকৃত হয়, তেতিয়া আনকেইটা ৰূপক উপভাষা হিচাপে গণ্য কৰা হয়। মান্য ভাষাটোৱে ক্ৰমে আনকেইটা ভাষা ৰূপৰ ওপৰত প্ৰতিপত্তি লাভ কৰিবলৈ ধৰে। লগতে যিখিনি লোকে মান্য ভাষাৰ মর্য্যাদা পোৱা এই উপভাষাটো ব্যৱহাৰ কৰে, তেওঁলোকো স্বাভাৱিকভাৱেই এই প্ৰতিপত্তিৰ অংশীদাৰ হৈ উঠে। তেওঁলোকে আন উপভাষাকেইটা কোৱা লোকসকলক কিছু হেয়তাৰ দৃষ্টিৰে চোৱাৰ প্ৰৱণতা দেখুৱায়। তেওঁলোকে এইটো ভাবি লয় যে তেওঁলোকে যি কয়, সিহে শুদ্ধ, আনবিলাক বিকৃত ৰূপ। কিন্তু কথাটো আচলতে তেনে নহয়। মান্য ভাষাটো যিটো ৰূপৰ পৰা গঢ় লৈ উঠে সিও এটা উপভাষাই। তাৰ ব্যাকৰণগত শুদ্ধতা বা নিটোল গাঠনিৰ বাবে সি মান্য ভাষাৰ স্বীকৃতি নাপায়, আন কিছুমান কাৰণতহে মান্য ভাষালৈ উত্তৰণ ঘটে। মান্য ভাষাৰূপে স্বীকৃত হোৱাৰ পাছত, সেই ভাষা ৰাজহুৱা কাম-কাজ, আনুষ্ঠানিক ঘোষণা, ৰেডিঅ’, দূৰদর্শন, বাতৰি কাকত আদি মাধ্যমে কৰা প্ৰচাৰ, সাহিত্যাদি ৰচনা আদি কামত ব্যৱহাৰ কৰা হয়। বিদ্যালয়ত তাৰ মাধ্যমত পাঠ দিয়া হয়। অন্যার্থত ই আঞ্চলিক ৰূপটোৰ ঊর্ধ্বলৈ উঠি সকলোৰে ব্যৱহাৰৰ বস্তু হৈ পৰে। আন আন ঔপভাষিক অঞ্চলৰ লোকে এই ৰূপটো শিকিব লগীয়া হয়। এই ৰূপটোৰ ব্যাকৰণ ৰচিত হয়। নতুন সকলো ধৰণৰ বাক্যাদি এই নির্ধাৰিত গাঠনিত লিখাটোহে শুদ্ধ বুলি ধৰি লোৱা হয়। তদুপৰি অভিধান প্ৰণয়নৰ সময়ত এই উপভাষাটো কোৱা লোকসকলৰ মুখৰ শব্দ আৰু অর্থকহে অগ্ৰাধিকাৰ দিয়া দেখা যায়। অসমীয়া ভাষাটোও শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো ঠাইতে একেদৰে কোৱা নহয়। ইয়াৰ বহুকেইটা আঞ্চলিক ৰূপ আছে। সাধাৰণভাৱে শদিয়াৰ পৰা গুৱাহাটী পর্য্যন্ত যি অসমীয়া কোৱা হয়, তাত শিথিলভাৱে হ’লেও এক সমৰূপতা লক্ষ কৰা যায়। তালৈ লক্ষ ৰাখিয়ে বোধহয় Linguistics Survey of India-ৰ জৰীপ কৰোঁতা George Abraham Grierson-এ ইয়াক Standard Assamese আখ্যা দিছিল, যাৰ অসমীয়া ৰূপ ‍‘মান্য অসমীয়া’ কৰা হৈছে। কিন্তু পশ্চিম গুৱাহাটীৰ পৰা ধুবুৰীলৈকে ভাষাটোৰ কেইবাটাও আঞ্চলিক ৰূপ আছে। একেবাৰে পশ্চিম সীমাৰ ভাষা মান্য অসমীয়া ভাষাৰ পৰা ভালেখিনি নিলগ। নলবাৰী, বৰপেটা, দৰং আদি অঞ্চলৰ ভাষাও মান্য অসমীয়াৰ সৈতে নিমিলে। কিন্তু তাকে লৈ বহু সময়ত অহেতুক উচ্চাত্মিকা, হীনাত্মিকাৰ ভাব উঠা দেখা যায়। ভাষাবিজ্ঞানৰ দৃষ্টিত ভাষাৰ মান্যতা, অমান্যতা বুলি কোনো কথা নাই। উপভাষাও সমান মর্য্যাদাৰ ভাষা। আনহাতে উজনিৰ মানুহেও মান্য ভাষাটো যে ইয়াৰ শিষ্ট ৰূপটোতে ব্যৱহাৰ কৰে তেনে নহয়। উজনিৰ মানুহৰ দৈনন্দিন কথ্য ভাষা ইয়াৰ পৰা অলপ হলেও ইফাল-সিফাল। মাত্ৰ ইয়াকে ক’ব পাৰি যে অসমীয়া ভাষাৰ শিষ্ট ৰূপটো উজনিৰ উপভাষাটোৰ পৰা আহৰণ কৰা বাবে ই তেওঁলোকৰ কথ্য ভাষাটোৰ নিচেই ওচৰ চপা। দৰাচলতে লিখিত ভাষা এটা কৃত্ৰিম ভাষাহে। ইয়াক অবিকল ৰূপত কোনো অঞ্চলৰ লোকেই নকয়। এই প্ৰসংগত Leonerd Blumfield-ৰ কথা এষাৰিৰ জেৰ টানিব পাৰি। তেওঁৰ মতে Writing is not language, but merely a way of recording language by means of visible marks. গতিকে অনানুষ্ঠানিক কথা-বতৰাতো মান্য ৰূপৰ নামত অত্যধিক শুচিতা বিচাৰ কৰি ঔপভাষিক অঞ্চলৰ মানুহৰ অনুভূতিক আঘাত কৰাটো এক আত্মঘাতী চিন্তা। মান্য অসমীয়া ভাষাটো অঞ্চল-বিশেষৰ বা সেই অঞ্চলৰ লোকসকলৰ বা সম্প্ৰদায়-বিশেষৰ আছুতীয়া অধিকাৰৰ বস্তু নহয়। ই সামগ্ৰিকভাৱে গোটেই অসমৰ মানুহৰ বাবে গ্ৰহণ কৰা এক ভাষিক ৰূপ, যিটো ৰূপ সকলো ধৰণৰ আনুষ্ঠানিক কাম-কাজ, ৰাজহুৱা ঘোষণা, ৰেডিঅ’, দূৰদর্শনৰ কার্য্যসূচী, বিদ্যালয়ৰ পাঠদান, প্ৰচাৰৰ বাবে গ্ৰহণ কৰা সাক্ষৎকাৰ আদি কামত ব্যৱহৃত হয়। সকলো অঞ্চলৰ লোকে এই ৰূপটোক সমান আন্তৰিকতাৰে গ্ৰহণ কৰিব পৰা পৰিৱেশ সৃষ্টি কৰা আমাৰ সকলোৰে দায়িত্ব হ’ব লাগে। আঞ্চলিক ভাষাগোষ্ঠীয়েই হওক, জনগোষ্ঠীয় ভাষাগোষ্ঠীয়েই হওক, কাৰো ভাষিক চেতনাত আঘাত নপৰালৈ লক্ষ ৰখাটো সকলোৰে কর্তব্য হোৱা উচিত। তেতিয়াহে অসমীয়া ভাষাৰ গণভিত্তি বহল হোৱাৰ সম্ভাৱনা আছে।


জনগোষ্ঠীয় লোকৰ মাজত অসমীয়া ভাষা

অসমীয়াভাষী এচামৰ সংকীর্ণতাই অসমীয়া ভাষাটোক জনগোষ্ঠীয় লোকৰ চেনেহ-দৃষ্টিৰ পৰা আঁতৰাই অনাৰ উপক্ৰম হৈছে। তেওঁলোকে অসমীয়া ভাষা নোকোৱা মানেই, অসমীয়া ভাষাক মাতৃভাষা নোবোলা মানুহ মানেই পৰ বুলি ভাবিবলৈ লৈছে। জনগোষ্ঠী লোকৰ হেনা-হুঁচা অসমীয়া উচ্চাৰণক লৈ ৰাজহুৱাকৈ ব্যংগ কৰা হৈছে। জোৰ কৰি হ’লেও অসমীয়া ভাষা শিকিবলৈ, ক’বলৈ, ব্যৱহাৰ কৰিবলৈ বাধ্য কৰোৱাৰ মনোবৃত্তি দেখুৱাইছে। কিন্তু এইসকলে বিচাৰ কৰি নাচায় যে কোনো বাধ্য-বাধকতা, কোনো শ্ৰেণীকৰণ (আর্য্য-অনার্য্য), কোনো ভুল-শুদ্ধ বিচাৰ আৰম্ভ কৰাৰ পূর্বে এই ভাষাটোৱে সমগ্ৰ উত্তৰ-পূবত সকলো জনগোষ্ঠীয় আৰু অজনগোষ্ঠীয় লোকে নিজৰ ভাষাৰ দৰে আদৰি লৈছিল। নেফা, নাগালেণ্ড আদিতো অসমীয়া ভাষাই আছিল সকলোৰে মুখৰ ভাষা। সেই পৰিস্থিতিৰ পৰা ভাষাটোক কোনে আঁতৰাই আনিলে আমি ভাবি চাইছোঁনে? এচামৰ সংকীর্ণতাই নহয়নে? সামাজিক, মনস্তাত্ত্বিক দিশবোৰ আমি চালি-জাৰি চোৱা উচিত। কাঢ়া অভিভাৱকত্ব বা বৰ সজাগ চকীদাৰিত্ব, দুয়োটাই ভাষাক নুশুজে। আচলতে উগ্ৰ ভাষিক চেতনাৰ সম্ভাব্য নেতিবাচক প্ৰভাৱবোৰ সম্পর্কে আমি বহুতেই সজাগ নহওঁ।


ভাৰতৰ সংবিধানত থকা মৌলিক অধিকাৰবোৰৰ মূল কথাৰ অসমীয়া অনুবাদ

1. Prohibition of Discrimination on Grounds of Religion, Race, Caste, Sex or Place of Birth ধৰ্ম, জাতি, বৰ্ণ, লিংগ বা জন্মস্থানৰ ভিত্তিত বৈষম্যত বাধা 2. Equality of Opportunity in Matters of Public Employment চৰকাৰী নিয়োগৰ ক্ষেত্ৰত সুযোগৰ সমতা 3. Protection of Freedom of Speech and Expression বাক স্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতাৰ সুৰক্ষা 4. Protection in Respect of Conviction of Offences অপৰাধৰ বাবে দোষী সাব্যস্তকৰণ সম্পৰ্কত সুৰক্ষা 5. Protection Against Arrest and Detention in Certain Cases জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ সুৰক্ষা 6. Prohibition of Traffic in Human Beings and Forced Labour মানৱ সৰবৰাহ আৰু বলপূৰ্বক শ্ৰম নিষিদ্ধকৰণ 7. Freedom of Conscience and Free Profession, Practice and Propagation of Religion বিবেকৰ স্বতন্ত্ৰতা আৰু ধৰ্ম ধাৰণ, আচৰণ আৰু প্ৰচাৰৰ স্বতন্ত্ৰতা। 8. Freedom to Manage Religious Affairs ধৰ্মীয় কামকাজ পৰিচালনা কৰাৰ স্বাধীনতা 9. Freedom as to Payment of Taxes for Promotion of any Particular Religion যিকোনো এটা ধৰ্মক উৎসাহিত কৰিবলৈ কৰ পৰিশোধৰ স্বাধীনতা 10. Freedom as to Attendance at Religious Instruction or Religious Worship in Certain Educational Institutions নিৰ্দিষ্ট কিছুমান শৈক্ষিক প্ৰতিষ্ঠানত ধৰ্মীয় শিক্ষা বা ধৰ্মীয় প্ৰাৰ্থনাত উপস্থিতিৰ বিষয়ত স্বতন্ত্ৰতা 11. Protection of Interests of Minorities সংখ্যালঘুৰ স্বাৰ্থৰ সুৰক্ষা 12. Right of Minorities to Establish and Administer Educational Institutions শৈক্ষিক প্ৰতিষ্ঠান স্থাপন কৰিবলৈ আৰু প্ৰশাসন কৰিবলৈ সংখ্যালঘুসকলৰ অধিকাৰ 13. Remedies for Enforcement of Rights Conferred by this Part এই ভাগৰ দ্বাৰা প্ৰদত্ত অধিকাৰসমূহ বলৱৎকৰণৰ কাৰণে প্ৰতিকাৰ 14. Power of Parliament to Modify the Rights Conferred by this Part in their Application to Forces, etc সামৰিক বাহিনী আদিৰ প্ৰতি প্ৰয়োগৰ ক্ষেত্ৰত এই ভাগৰ দ্বাৰা প্ৰদত্ত অধিকাৰসমূহ সংশোধন কৰিবলৈ সংসদৰ ক্ষমতা 15. Restriction on Rights Conferred by this Part while Martial Law is in Force in Any Area যিকোনো অঞ্চলত সামৰিক বিধি বলৱৎ হৈ থকা কালত এই ভাগৰ দ্বাৰা প্ৰদত্ত অধিকাৰসমূহৰ ওপৰত সীমাবদ্ধতা আৰোপণ 16. Legislation to Give Effect to the Provisions of this Part এই ভাগৰ উপবন্ধসমূহক (ব্যৱস্থাৱলীক) কাৰ্য্যকৰী কৰিবলৈ বিধান।

copyright@assamesedictionary.com 2010-2020