আমাৰ android সংস্কৰণটো কেনেকৈ ডাউনল'ড কৰিব?

আমাৰ এনড্ৰইড সংস্কৰণটো আপোনাৰ ম'বাইলত install কৰিবলৈ তলত দিয়া পদ্ধতিৰে কৰক :-
trial version-টোৰ বাবে আপোনাৰ ম'বাইলত থকা Play Store খুলি তাত assamese dictionary বুলি সন্ধান কৰক। trial version টো ৩০ দিনহে চলে।
এই ৱেবছাইটোটো যদি আপোনাৰ ম'বাইলত খোলে, তেন্তে ইয়াত ক্লিক কৰিলেও ডাউনল'ড কৰিব পাৰিব।
Pro বা original version টো স্থায়ী।

Pro বা original version টো কিনিবলৈ আপোনাৰ ম'বাইলত থকা Play Store খুলি তাত aadarxa bilingual dictionary সন্ধান কৰক বা ইয়াত ক্লিক কৰক।
Pro বা original version টো কিনোতে ১০০ টকা payment কৰিব লাগে আৰু সেইটো আপোনাৰ ম'বাইলৰ পৰাই Play Store ত ১০০ টকা দি কিনিব লাগিব।

কেনেকৈ কিনিব তাৰ এটা চমু বিৱৰণ দিয়া হ'ল-
প্ৰথম চৰ্তটো হ'ল আপোনাৰ ম'বাইলত আপোনাৰ এটা email (gmail) সংযোজিত হৈ থাকিব লাগিব। সেইটোৰ password টোও আপোনাৰ মনত থাকিব লাগিব। কাৰণ সেইটো Google Play -এ কিনাৰ প্ৰক্ৰিয়াটোত বিচাৰিব।
Payment Options

  1. Net banking ৰ যোগেদি কৰিব পাৰে। তাৰ বাবে আপোনাৰ bank ৰ পৰা net banking ৰ সুবিধা লোৱা থাকিব লাগিব।
  2. Credit/Debit কাৰ্ডৰ যোগেদি কিনিব পাৰে। কিন্তু Google Play এ ভাৰতৰ চৰকাৰী বেংকবোৰৰ ATM কাৰ্ডবোৰৰ পৰা টকা কাটিব নোৱাৰে বাবে সেইবোৰৰ পৰা কৰিব নোৱাৰি। কিন্তু যদি প্ৰাইভেট বেংকৰ কাৰ্ড হয় ((AXIS, HDFC, ICICI আদি)
    তেতিয়া পাৰি।
  3. Paytm ৰ যোগেদি
    তাৰ বাবে আপুনি প্ৰথমে আপোনাৰ ম'বাইলত থকা Paytm ত গৈ পতাত থকা Google Play ত ১০০ টকা দিয়ক। তেতিয়া এটা code পাব। তাৰ পাছত সেই ক'ডটো লিখি লওক।
    তাৰ পাছত Play Store খোলক। তাত দেখুওৱা payment option বোৰৰ ভিতৰত Redeem code বুলি এটা বিকল্প দেখিব। তাত ক্লিক কৰক আৰু আপোনাৰ হাতত থকা code টো দি দিয়ক। বছ, কিনা হৈ গ'ল। এতিয়া এপটো ডাউনল'ড হ'ব।
  4. Vodafone, Airtel বা Idea ৰ ছিম কাৰ্ড থাকিলেও (নিম্নতম ১০০ টকা balance থাকিব লাগিব) পাৰিব। কিন্তু payment option বোৰৰ ভিতৰত Vodafone billing, Airtel billing বা Idea billing বুলি দেখুৱাব লাগিব। সকলো ম'বাইলত নেদেখুৱাব পাৰে। যদি দেখুয়ায়, তাত ক্লিক কৰি সেইমতে অনুসৰণ কৰি গ'লেই হয়।